এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১২৫ )
তিনি তিনি গাছ ভেদে বালি দদা।
তুমি যেবে সাতো গাছক ভেদা॥৫২৫
তেবেসে জানিবো বালিক পাৰা।
নুহি কেন মতে মোক উদ্ধৰা॥
শুনিয়া ৰঘুনাথ হাঁসিলন্ত।
সাতোকো একে ছোটে ছেদিলন্ত॥৫২৬
দেখিয়া সুগ্ৰীব বিস্ময় ভৈলা।
কৃতাঞ্জলি কৰি বুলিবে লৈলা॥
নমো ভগৱন্ত ৰাম মূৰাৰি।
সৃষ্টি-স্থিতি বিশ্ব প্ৰলয়কাৰী॥৫২৭
চঞ্চল বান্দৰ জাতিৰ দোষ।
ক্ষেমি কৃপাময় হুয়ো সন্তোষ॥
হাঁসিয়া ৰাম দেৱে বুলিলন্ত।
দেখায়ো বালিক কৰহোঁ অন্ত।৫২৮
এক গোটা শৰে চিন্তিবো মাৰ।
দুই গোটা যদি ধৰোঁ ধিক্কাৰ॥
শুনিয়া সুগ্ৰীৱ-ৰাম-লক্ষণ।
দুইকো লৈয়া লৰিলা তেখন॥৫২৯
দোভায়ো থাকিল বনে লুকাই।
সুগ্ৰীৱে দল লগাইলেক যাই॥
দুয়ো লগাইলন্ত যুদ্ধ তুমুল।
দহন্তো যৱঞ্জ দেখি সমতুল॥।৫৩০