পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৭০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১২১)

ঘোষা॥ ত্ৰাহি ত্ৰাহি ৰঘুনাথ
তুমি হে অনাথ নাথ॥


পদ।

ৰাম লখমণ দুই।
হাতে শৰ ধনু লই॥
পৰ্ব্বত শিখৰে যান্ত।
পাঞ্চ কপি দেখিলন্ত॥৫০৬
বালি দূত আসে বুলি।
লৰ দিলা লাঞ্জ তুলি॥
পাঞ্চ কপি পদভৰে।
গিৰি দলদোপ কৰে॥৫০৭
কতো দূৰে পলাই গৈল।
বিমৰিষ কৰি ৰৈল॥
পঠাইলেক হনুমন্ত।
গৈয়া লাগ ধৰিলন্ত॥৫০৮
ব্ৰাহ্মণৰ বেশ ধৰি।
পুছিলন্ত কৰজুৰি॥
বোলন্ত তোমৰা কোন।
লক্ষ্মণে কহিলা গুণ॥৫৯
শুনি বৰ ৰঙ্গ ভৈলা।
তেতিক্ষণে লৈয়া গৈলা॥