পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৬৮

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১১৯ )

এহি মতে বন পৰ্ব্বতত প্ৰভু
 কান্দতে পুচি ফুৰন্ত৷
স্ত্ৰীসঙ্গী ভৈলে এনয় বিপত্তি
 আকে মাত্ৰ দেখাইলন্ত॥ ৫০১
পাছে জটায়ুক লাগ পাইলা গৈয়া
 সীতাক খুজি ফুৰন্তে।
পখা ছেদ হুয়া পৰিয়া আছন্ত
 ৰাম ৰাম উচ্চাৰন্তে॥
সীতাৰ বাৰ্ত্তাক কহিয়া ৰামত
 তেহেঁ প্ৰাণ এৰিলন্ত।
শ্ৰীৰাম লক্ষ্মণে তাহাঙ্ক দহিয়া
 প্ৰেত কাৰ্য্য কৰিলন্ত॥ ৫০২
তৈৰ হন্তে যান্তে কবন্ধে দুহাঙ্কো
 বান্ধিয়ে ধৰিলা আতি।
দেখি দুয়ো ভাই খড়্গক ধৰিয়া
 পেলাইলা বান্ধক কাটি॥
ৰাম লক্ষ্মণৰ পৰশ মাত্ৰকে
 এৰাই পূৰ্ব্ব শাপক।
দুয়ো ভাই চাই আছে তেতিক্ষণে
 ধৰিল নিজ ৰূপক॥৫০৩


পুচি-সুধি ৷