পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৬৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ১১৭ )

জটায়ু পখাত প্ৰহাৰ কৰন্তে
 কাটিলেক শ্ৰম কৰি॥
জটায়ু পৰিবে দেখিয়া সীতাই
 কান্দিলেক দীৰ্ঘ স্বৰে।
বোলন্ত ৰামত বাৰ্ত্তাক জনাবা
 জীয়া থাকা মোৰ বৰে॥৪৯৬
এতেকে বোলন্তে ৰাৱণায়ে ধৰি
 চলিল আকাশ পন্থে।
পঞ্চ বানৰক দেখিয়া সীতায়ে
 অলঙ্কাৰ পেলাইলন্তে॥
এহিমতে নিয়া অশোক বনত
 সিঙ্গপা বৃক্ষৰ তলে।
জানকীক থৈয়া  দুষ্ট ৰাৱণাই
 ৰাক্ষসী সবক বোলে॥৪৯৭
যেন মতে পৰা  সীতাক বঢ়ৱা
 যেহেন আমাক বৰে।
নভজিলে পুনু  তোমৰা সবক
 দণ্ডিবোহোঁ নিৰন্তৰে॥
জানকীৰ কথা  এহি মানে থওঁ
 শুনিয়োক সৰ্ব্বজন।
সীতাৰ আক্ষেপে  আপোনাক ৰাখি
 গৈলন্ত যেবে লক্ষ্মণ॥ ৪৯৮