এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১১২)
হেনয় প্ৰকাৰে চৰে সীতাৰ আগত।
দেশি সীতা খুজিলন্ত ৰামৰ পাৱত॥
জীৱতে ধৰিয়া দিয়ো মুহি তাৰ ছাল।
শুনন্তে ৰামৰ হাঁসি উঠিল তত্কাল॥৪৭৭
ৰামক দেখিয়া গৈল বৰ বেগে।
ৰামে দেখি শৰ কৰিলন্ত সেহি ছেগে॥
প্ৰাণ যান্তে লখাই বুলি আতাসেক দিলা।
আসিয়ো ৰাক্ষসে খাই সীতায়ে শুনিলা॥৪৭৮
স্বামীক ৰাক্ষসে খাই বুলি ভয় ভৈলা।
শীঘ্ৰে যায়ো বাপু বুলি আদেশ কৰিলা॥
লক্ষ্মণে সীতাক পাছে বুলিলা নিৰ্ভয়।
ত্ৰিভুবনে শ্ৰীৰামৰ নাহি কতো ভয়॥৪৭৯
হেন শুনি সীতা ক্ৰোধে বুলিলা বচন।
জানিলোহোঁ পাপী তোৰ মহা দুষ্ট মন॥
আমাক নিৰ্ভয় দিয়া ৰামক বঞ্চস।
এহি কাৰ্য্যে পাপ তই লগত আছস॥৪৮০
তুই যাক আশা কৰ মই তেনে নহোঁ।
ৰাম বিনে প্ৰাণ তেজিবো সত্যে কহোঁ॥
এহি বুলি ক্ৰন্দন কৰয় দীৰ্ঘ স্বৰে।
ভূমি চুই কৰ্ণে দিয়ে লক্ষ্মণ কুমৰে॥৪৮১
অনেক ধিক্কাৰ বাক্য সীতাক বুলিলা।
পাছে আজ্ঞা লৈয়া শ্ৰীৰাম-পাশে গৈলা॥