পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৫৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ১০৬ )


অনেক সৎকাৰ কৰি পূজিলা।
বিস্তৰ ফলে মূলে আদৰিলা॥ ৪৪৯
ঋষিকো জতিনিনে নমিলন্ত।
আনন্দে কিছুদিন বঞ্ছিলন্ত॥
পঞ্চ অপেশ্বৰা সৰোবৰক।
লভিয়া পাইলা বহু আনন্দক॥৪৫০
নানান ঋষিৰ আশ্ৰম ঠাই।
আনন্দে ফুৰন্ত প্ৰভু ৰঘূৰায়॥
পুনহ সুতিখু আশ্ৰম আইলা।
অগস্থিৰ থান তেন্তে কহিলা॥৪৫১
শুনা সৰ্ব্বজন ৰাম কাহিনী।
মনুষ্য তনু দৈবে দিছে আনি॥
আক বৃথা কৰা কিনো বিবুদ্ধি।
ৰাম ৰাম বুলি হুয়োক সুদ্ধি।৪ ২


ঘোষা॥ ৰাঘৱ প্ৰভু ৰাম দুৰ্ব্বাদল শ্যাম
তুমি সৰ্ব্ব দেৱৰো দেৱতা অনুপাম॥


পদ।

ধীৰে ধীৰে অগস্থিৰ আশ্ৰমে চলিলা।
সীতা লক্ষ্মণত ৰামে এক কথা কৈলা॥