এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১০৩)
কেতিক্ষণ যাইবে চৈধ্য বৰিষ।
প্ৰজাৰ মনত নাহি হৰিষ॥
ইকথা আবে এহি মানে থওঁ।
ৰাঘৱে যেন কৰিলন্ত কওঁ॥৪৩৩
শ্ৰীৰামে বোলন্ত শুনা লখাই।
ব্যহুৰি জানো আসে ভৰতাই॥
গুচিয়া আন থানে যাওঁ চলি।
তিনিয়ো উঠিলন্ত এহি বুলি॥৪৩৪
এৰাইলা নদী নদ বন যত।
অত্ৰিৰ গৃহে ভৈলা উপগত॥
দেখিয়া ঋষি আনন্দ পাইলা।
আসন দিয়া বহু আদৰিলা॥৪৩৫
বোলন্ত আমাৰ ইটো আশ্ৰম।
আজিসে পৱিত্ৰ ভৈলা উত্তম।!
জম্মৰো সাফলো কৰিলো স্বামী।
তোমাৰ চৰণ দেখিলোঁ আমি॥৪৫৬
আজিসে ধৰিল তপস্যাৰ ফল!
পিতৃদেব তুস্ত ভৈলা সকল॥
এহিমতে নানা তুত কৰিলা॥
প্ৰভুয়ো ঋষিৰ পাব নমিলা॥৪৩৭
অত্ৰিৰ ভাৰ্য্যায়ে সীতাক নিলা।
তাহাঙ্ক নিজ অলঙ্কাৰ দিলা॥