পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৪৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ৯৮ )


প্ৰভাতে লক্ষণ যান্ত মৃগ মাৰিবাক।
ফল মূল যিবা পান্ত বিচাৰন্ত তাক॥৪০৭
শ্ৰীৰাম জানকী দুয়ো আনন্দে থাকন্ত।
নানা পৰিহাসে প্ৰভু সীতাক তোষন্ত॥
ক্ষণেখেলন্ত পাশা ক্ষণোহো গুটি মালি।
হাৰিলে সীতাৰ বস্তু লয় আকোৱালি॥৪০৮
ৰাম সীতা ক্ৰীড়া কৰে চিত্ৰকূট বনে।
শচীসমে দেৱৰাজ যেহেন নন্দনে॥
একদিনা ৰতি ৰঙ্গে ৰাম শ্ৰান্ত ভৈল।
সীতাৰ কোলাতে শিৰ দিয়া নিদ্ৰা গৈল॥ ৪০৯
উদাস শৰীৰ দেখি হুয়া কামাতুৰ।
সীতা তন ঘাত কৰিলেক দুষ্ট কাউৰ॥
চেতন লভিয়া প্ৰভু লই কুশ বাণ।
হানিয়া নাশিলা তাৰ ডাইন চক্ষু কাণ॥৪১০
সীতা দুখ দেখি নিজ হাতে অৰ্চ্চিলন্ত।
ঘাৱ বেথা গুচি আনন্দেতে থাকিলন্ত॥
মনশিলাৰ ফোঁট সীতায়ে পিন্ধিলা।
আলিঙ্গন্তে ৰামৰ হৃদয়ে সঞ্চৰিলা।৪১১
তাক দেখি সীতাসতী হাসি বুলিলন্ত।
মুচিয়ো লক্ষ্মণে আমি দেখি হাসিৱন্ত॥
শ্ৰীৰামে বোলন্ত বান্ধৈ দোষ নাহি কয়।
ভকতৰ অৱশেষ পৱিত্ৰ হোৱয়॥৪১২