পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৪১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ৯২ )


কতোক্ষণে লভিলা চেতন।
সুমন্ত্ৰক বুলিলা বচন।
পুত্ৰশোকে মোৰ প্ৰাণ পৰে।
ৰাম পাশে নিয়োক সত্বৰে॥৩৮৭
মন্ত্ৰী পাছে আশ্বাসি বুজাইলা।
নিশি উপস্থিতে ৰাজা শুইলা॥
কতো নিশা যাতে উঠিলন্ত।
ৰাম ৰাম বুলি ফোকাৰন্ত॥৩৮৮
কৌশল্যা সুমিত্ৰা দুইজন।
দুইকো জুগাই তুলিলা তেখন।
পূৰ্ব্বত যিমতে শাপ ভৈলা।
দুই হন্তত সমস্তে কহিলা॥৩৮৯
সেহি শাপ ভৈল উপস্থিত।
পুত্ৰশোকে মৰহোঁ নিশ্চিত॥
হৃদি মোৰ কাম্পে ঘনে ঘন।
স্মৰণ হৰি মোৰ মন॥৩৯০
স্ব-পুত্ৰ পিশাচে আলিঙ্গয়।
মৃত্যু মোৰ মিলিব নিশ্চয়।
হৰি হৰি শ্ৰীৰাম পুত্ৰক।
মৃত্যুকালে নেদেখিলোঁ তা ক॥৩৯১
বনবাস তৰি আসিবন্ত।
অযোধ্যাত নৃপতি হৈবন্ত॥