পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৩৩

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৮৪ )


সীতা যে শুইলন্ত লজ্জিত মনে।
প্ৰহৰী সুমন্ত্ৰ গুহ লক্ষ্মণে॥
শোকে তিনি জন নিদ্ৰা নপাইলা।
ৰামৰ কপাত ৰাত্ৰি পুহাইলা॥৩৪৯
বোলম্ভ ৰামে শুনা মন্ত্ৰীবৰ।
ৰথ লৈয়া তুমি চলা নগৰ॥
কল্যাণ কৰা পিতৃ মাতৃ ঠাই।
আনন্দে আছে ফল-মূল খাই॥৩৫০
গুহক পাচে বুলিলা বাণী।
জটা বান্ধো আঠা দিয়োক আনি॥
শুনিয়া গুহৰাজে আনি দিল।
দুয়ো ভাই মাথে জটা বান্ধিল॥৩৫১
গুহৰাজে নৌকা আনি দিল।
গঙ্গাৰ শাৰ হৈবে উঠিলন্ত॥
গুহ সুমন্ত্ৰয়ে চাহিয়া আছয়।
শোকে দুয়ো ভূমি লুটি কান্দয়॥৩৫২
যাহা যাহা ৰামে বাক্য বোলন্ত।
ৰথৰ ঘোৰা শোকে চিঁহৰন্ত॥
ৰামে গৈয়া যেবে সিপাৰ পালাই।
তেবেসে সুমন্ত্ৰ গুহ চলিলা॥৩৫৩
শুনিয়ো যত সভাসদগণ।
ৰামৰ চৰণে দিবোক মন॥