পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৩২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৮৩ )


প্ৰজাৰ দুখ দেখি ৰঘু নাগে।
ৰাত্ৰিতে উঠি গৈলা আন পথে॥৩১৩
প্ৰভাতে উঠি দেখে প্ৰজা যত।
অযোধ্যাৰ পথে গৈলেক ৰথ॥
আনন্দে প্ৰজা নগৰক গৈলা।
নেদেখি শোকে কান্দিবাক লৈলা॥৩৪৪
শ্ৰীৰামে গঙ্গা পাইলন্ত গৈয়া।
তাহান তীৰত ৰথ ৰাখিয়া॥
তিনিয়ো স্নান পান কৰিলন্ত।
আনন্দে বৃক্ষৰ তলে ৰৈলন্ত॥৩৪৫
তহিতে গুহ ৰাজে বাৰ্ত্তা পাইলা
সসৈন্যে ৰাম-পশিক আইলা॥
আগত ভেটি দৌল কৰিলন্ত।
অষ্টাঙ্গে ৰাম-পাৱে নমিলন্ত॥৩৪৬
স্নেহত ৰাম প্ৰভু ভগৱন্ত।
গুহক-গলে বান্ধি ধৰিলন্ত॥
বোলন্ত ভকত-শোক এৰাইলো।
তোক দেখি গুহ আনন্দ পাইলোঁ॥৩৪৭
গুহৰাজে পাছে বাৰ্ত্তা পুছিলা।
ৰাঘৱে সকল বৃতান্ত কৈলা॥
লক্ষ্মণে তৃণ শয্যা সাজিলন্ত।
ৰাঘব প্ৰভুয়ে তাত শুতিলন্ত॥৩৪৮