পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৩১

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৮২ )

ৰামৰ বাক্য শুনি মন্ত্ৰীবৰ।
ডাকিল ৰথ আতি খৰতৰ॥
তেতিক্ষণে ৰাজা প্ৰজা এৰালা।
তমসা নদী-তীৰক পাইলা॥৩৩৮
ৰথধ্বজ ধূলি দেখিলে মানে।
আছিলেক ৰাজা নসহে নসহে প্ৰাণে॥
মূৰ্চ্চা গৈয়া তৈতে পৰিল ৰাজা।
দেখিয়া কান্দে বাল্য বৃদ্ধ প্ৰজা॥৩৩৯
বশিষ্ঠ প্ৰমুক্ষে মুনি বুজাইল।
ৰজাক গৃহ লাগি উলটাইলা॥
সামৰ্থ্য যত প্ৰজা নিৰন্তৰে।
ৰানক বেঢ়ি গৈল নদীতীৰে॥৩৪০
গোধূলি যেবে ভৈল সেহি থান।
লক্ষ্মণক চাই ৰাম বুলিলা।
প্ৰথম বনবাস ভৈল আজি।
দিয়া মোক তৃণ শয্যা সাজি॥৩৪১
তাহাতে বাপু কিছু নিদ্ৰা কৰো।
ইটো দুখ-শোক কিবা পাসৰো।
লক্ষ্মণে দিলা তৃণশয্যা পাৰি।
সীতা সমে তাতে শুইলা মুৰাৰি॥৩৪২
সুমন্ত্ৰ আদি যত প্ৰজাগণ।
দুখ-শোকে ৰৈ সেহি থান॥