পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১২৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৮০)

হেন শুনি কৈকেয়ী বুলিলা ক্ৰোধ মন।
মধুচেপি লৈলে বাঁহে নাহি প্ৰয়োজন॥
শুনিয়োক সৰ্ব্বজন আন গুণ নাম।
ৰাম পাৱে ভজি শীঘ্ৰে বোলা ৰাম ৰাম॥২৯

ঘোষা॥ ৰাম ৰঘুপতি সাৰঙ্গপাণি।
শৰণ পশিলোঁ দিয়োক জানি॥

পদ।

কৈকেয়ীৰ বাক্য শুনি মহাৰায়।
ধিক্কাৰ কৰি বুলিলন্ত চাই॥
কিহেতু সীতা লক্ষ্মণক ছাল।
পিন্ধাইলি শুনৰে পাপিনী কাল॥৩৩০
জীৱন্তে তোৰ মুখ নচাওঁ আৰ।
পুতেৰে যদি লোৱে ৰাজ্য ভাৰ॥
তাৰ পিণ্ড জল নলৈবো মই।
গুচি যা গুচি যা এক্ষণে তই॥৩৩১
ভাণ্ডাৰীক পাছে ৰাজায়ে চাইল।
দিব্য অলঙ্কাৰ বস্ত্ৰ আনাইল॥
সীতাক বোলন্ত পিন্ধিয়ো আই।
খানিক থাকোঁ পৰিচ্ছদ চাই॥৩৩২