পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১১০

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৬১ )

সুবৰ্ণৰ সিংহাসন আনিলা শোভন।
হাটী বাটি নগৰিক চাইলা তেতিক্ষণ॥
ৰাম ৰাজা হৈবে কালি প্ৰজায়ে শুনিল।
বস্ত্ৰ অলঙ্কাৰ পিন্ধি আনন্দ কৰিল।।২৬৭
জয় জয় ৰাম ধ্বনি শুনি দশোদশ।
বাদ্য ভণ্ড আন্দোল মিলিল আশৰিষ॥
লোকৰ ঘঞ্চাল অতি শুনিলা মন্থৰা।
কি ভৈল বুলিয়া গৈল অন্তেসৰ পৰা॥২৬৮
হাটী বাটি নগৰিত কুঁজী শোধে কাজ।
উলস মালস কেনে কৰে সমৰাজ॥
লোকে বোলে কুলক্ষিণী কিবা শোধ কাজ।
কালি দশৰথে যে ৰামক দিয়ে ৰাজ॥২৬৯
শুনিয়া কুঁজীৰ বৰ দুখ মিলি গৈল।
ৰাম ৰাজা হোৱে বুলি কৈকেয়ীত কৈল॥
শুনিয়া আনন্দ বৰ কৈকেয়ীৰ মনে।
সুবৰ্ণৰ হাৰ তাইক দিলা তেতিক্ষণে॥২৭০
হেন দেখি কুঁজী পেলাইলেক আচাৰিয়া।
মোৰ বাক্য নধৰস দুই চক্ষু খায়া॥
সতিনীৰ পুত্ৰক বখান তই ভাল।
চলে পাইলে সেহি তোৰ হৈব যমকাল॥২৭১


ঘঞ্চাল-গোলমাল।
উলস-লালস-আনন্দত অধীৰ।