পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১০৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৫৮)


ৰাজ আজ্ঞা দিল দুয়ো কুমৰ গৈলন্ত।
মাতুলৰ গৃহে দুয়ো আনন্দে ৰৈলন্ত॥
সেহি বেলা পাত্ৰগণে কৰি আলোচন।
দশৰথ নৃপতিক বুলিলা বচন॥২৫২
শুনিয়ো অযোধ্যাপতি মহা মহীপাল।
ৰাম যুবৰাজ ভৈলে আমি দেখোঁ ভাল।
হেন শুনি দশৰথ পাইলা যেন স্বৰ্গ।
প্ৰশংসি বোলম্ভ ধন্য ধন্য পাত্ৰবৰ্গ॥২৫৩
মোহোৰ মনৰ কথা কৈলা তোমাসব।
সত্বৰে সম্ভাৰ কৰা নকৰি বিলম্ব॥
যাৱত ভৰত নতো আসে নগৰক।
তাৱে শীঘ্ৰে ৰাজ্য জোকাৰিয়ো শ্ৰীৰামক॥২৫৪
ইটো কাৰ্য্য যেন নজানয় তাৰ মাৱে।
কৈকেয়ীৰ জানো মন পূৰ্ণ দুষ্টাভাৱে॥
কালি পুণ্য যোগে শ্ৰীৰামক দেও ৰাজ।
পাত্ৰগণ হেন জানি হুয়ো সব সাজ॥ ৫৫
এহি বুলি ৰাজা সুমন্ত্ৰক আদেশিলা।
তেতিক্ষণে গৈয়া মন্ত্ৰী ৰামক আনিলা॥
পিতৃক দেখিয়া ৰথ হন্তে নামিলন্ত।
অৱনতে গৈয়া দক্ষিণে নমিলন্ত॥২৫৬


জোকাৰিয়ো—দিয়ো, ঘোষণা কৰি অৰ্পণ কৰা।