পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১০৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

ঘোষ॥ ৰামচন্দ্ৰ ৰামচন্দ্ৰ ৰামচন্দ্ৰ ৰাম
প্ৰভু ৰাম ৰামচন্দ্ৰ ৰামচন্দ্ৰ ৰাম॥

পদ

এহিমতে পৰশুৰামৰ গৰ্ব্ব চূৰ।
কৰিয়া ৰাঘব চলিযান্ত নিজ পুৰ।।
হস্তী-হব-সেনা চলি যায় আনন্দতে।
গগন বিদাৰি বাদ্য বাজায় পন্থতে॥২৩৪
প্ৰজাৰ আন্দোলে ভূমি দলদোপ কৰে।
দণ্ড-ছত্ৰ চামৰ ধনিয়া নিৰন্তৰে।।
হৰিষতে, “জয় জয় ৰামচন্দ্ৰ” বোলে।
এহিমতে ৰাজা-প্ৰজা আনন্দেতে চলে॥২৩৫
কতোক্ষণে পাইলা আযোধ্যাৰ উপবন।
দেখি দশৰথ আগ ভৈলা তেতিক্ষণ।।
সাঞ্জি মাঞ্জি নগৰী কৰালে জাতিস্কাৰ।
পোতাইলন্ত ধ্বজ-দণ্ড-তোৰণ অপাৰ॥২৩৬
পদূলি পদূলি ৰুলে তাম্বুল কদলী।
পূৰ্ণ কুম্ভ উপৰত আম-পত্ৰ-ডালি।।
বতৰ প্ৰদপ ধপ নৈবেদ্য দুই পাশে।
বস্ত্ৰ অলঙ্কাৰে নৰনাৰী লয় লাসে।। ২৩৭


সাঞ্জি মাঞ্জি- পৰিষ্কাৰ কৰি আৰু সজাই।
আগ্ৰন্‌টি ডলা—বৰৰ ঘৰত তিৰোতাসকলে বৰ-কন্যাক আদৰি নিয়া (চাবৰ চাকি, ধান, কটাৰী, সেন্দুৰ পাত্ৰ আদি থকা