শুনি ভক্ত সবে পাছে বুলিলা দুনাই।
ধৰ্ম্ম ৰহিবাক প্ৰভূ কিমত উপায়॥
তাকে জানি বিহা প্ৰভূ কৰিয়ো যতনে৷
এতেকে গোচৰ মাগোঁ তোমাৰ চৰণে॥
আক্ৰোশ বচন শুনি মনে গুণি চাইলা।
কৰাইৰো বিবাহ প্ৰভু বচন বুলিলা॥
আত অনন্তৰে কথা শুনিয়ো সম্প্ৰতি।
জনাৰ্দ্দন ৰামে বিপ্ৰ আছিলা সুমতি।
তাহাৰ দুহিতা তিলোত্তমা নামে সতী।
দিলন্ত বিবাহ মনোহৰ সভাপাতি॥
বিবাহৰ কথা যে শুনন্তে বিস্ময়।
আক নকহিলোঁ পদ বাহুল্যক ভয়॥
আতপৰে কথা আবে শুনা মনকৰি।
উপজিলা কন্যা এক পৰম সুন্দৰী॥
ধৰ্ম্ম বহিৰাৰ হেতু আসি উপজিলা।
পৰম আনন্দে ভূবনেশ্বৰী নাম থৈলা।
উদাৰে বোলন্ত প্ৰভূ মিলিলা সংশয়।
পুত্ৰ জাত ভৈলে লোক আনন্দ কৰয়॥
তুমি কেনে আনন্দ কৰাহা প্ৰাণনাথ।
ছেদিয়ো সংশয় চৰণত দেওঁ মাথ॥
গুনি হাঁসি কৃপাময় কহিলা বুজায়।
যিহেতু আনন্দ কৰোঁ লয়ো অভিপ্ৰায়॥
সৰস্বতী আসি মোৰ গৃহে অবতৰি৷
তোমাত কছিলোঁ আৰু জানা নিষ্টকৰি॥
এতেকে আনন্দ কৰোঁ শুনা মহামতি৷
ইহান শিৰত ধৰ্ম্ম বহিবে সম্প্ৰতি॥
পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/৯৪
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ৯০ )