পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/৮৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৮০)

কিনো আজি মোৰ পুৰুষৰ মহাভাগ।
পূৰ্ণ ব্ৰহ্ম তোমাক গৃহতে পাইলো লাগ।৷
এহি বুলি বাগৰিয়া তাঙ্ক গৃহে নিলা।
অনেক ভকতি নতি তাঙ্ক সন্তোষিলা॥
পৰম আনন্দে মগ্ন ভৈলা আন মন৷
পুছিলা কহিলা প্ৰভু ভক্তিৰ লক্ষণ।৷
খাগৰাক আশ কৰিলন্ত দেৱ হৰি।
চলি গৈলা প্ৰভু পাছে উৰিষা নগৰী।৷
তাহান চৰিত্ৰ কথা অমৃত সাক্ষাত।
পৰম যতনে পাণ কৰয়ো কলিত।৷
গুৰু বিনে সংসাৰত বন্ধু নাহি আন।
হৃদয়ৰ পৰা কাঢ়ি দেহ নাম দান॥
এতেকেশে সম্বন্ধ যত ঘটে সমুদায়৷
সংসাৰ তাৰিবে জানা গুৰুসে উপায়॥
গুৰু উপদেশে হৰিৰূপ চিন্তা মনে।
মুখে হৰি নাম গুণ কৰিয়া কীৰ্ত্তনে॥
এতেকে তৰিবা ঘোৰ সংসাৰক সুখে।
বান্ধৱ কৃষ্ণৰ নাম স্মৰা সুখে দুখে।৷
নৰ তনু লভিবাৰ এহিসে কাৰণ।
পলায়োক পাতেক ৰাম বোলা সৰ্ব্বজন॥