শুনিয়ো গোবিন্দ তুমি আনি দিয়া পান।
চক্ষু ঠাৰে কহিলন্ত সকলো কাৰণ॥
গোবিন্দ চলিলা জানি সুভদ্ৰাক লই।
ঘোৰ অৰণ্যৰ মাজে থাকিলন্ত গই॥
এত বেলি ভৈলা গোবিন্দ যে নুলটিলা।
পান আনো বুলি প্ৰভু গৃহত পশিলা॥
দেখি দূতে চাৰি কোণে বেৰিলা তেখনে।
অন্তৰ্দ্ধান ভৈলা গৃহে প্ৰভু নাৰায়ণে॥
পাছে ভীমা গৃহে পশি খান্দি কুৰি চাই।
হৰি কৈক গৈলা তাৰ অন্তক নপাই॥
পৰম অদ্ভুত মায়া দেখি দূতে ডৰি।
ইহাঙ্ক নপাওঁ আজি ওহিত বিচাৰবি॥
এহি বুলি ভীমা পাছে নিবৰ্ত্তিয়া গৈলা।
শুনা অনন্তৰে পাছে যেন কথা ভৈলা॥
অৰণ্যত পশি বিচাৰিলা মহাভাগ।
যোগবলে পাছে দুইকো পাইলা লাগ৷
গোবিন্দক চাই হৰি বুলিলা বচন।
কল কাটি ভেল বান্ধি দিয়া এতিক্ষণ॥
আজ্ঞা পাই গোবিন্দে যে ভেলক বান্ধিলা॥
তিনিজন উঠি তাতে পয়ান কৰিলা॥
এহি মতে চলিগৈলা গুৰু জগতৰ৷
পীড়িলেক ক্ষুধা তৃষ্ণা পাছে ভগিণীৰ॥
এক গুটী ফলক যে বিচাৰিয়া আনি।
দিলা গুৰু সুভদ্ৰাকে ভুঞ্জিলা ভগিনী॥
পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/৮৩
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ৭৯ )