পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/২৯

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২৩ )


হৰিদেৱ আৰু দেৱ দামোদৰৰ ভিতৰত পৰস্পৰ সদ্ভাৱ আৰু সন্মিলনৰ দ্বাৰাইহে আমাৰ আসামৰ পবিত্ৰ বৈষ্ণব ধৰ্ম্মৰ উদয় হৈছিল। পৰস্পৰৰ সংযোগত সহানুভুতিত ধৰ্ম্মভাব প্ৰৱল হৈ সাধাৰণৰ তামসিকতা দূৰ কৰি দিছিল। পৰম্পৰৰ সাক্ষাতত পৰস্পৰৰ মন প্ৰাণ আনন্দত পুলকিত হৈ কোনে কাক কি দৰে সম্মান দেখুৱাব তাকে ভাবি আকুল হৈছিল। কিন্তু বৰ্ত্তমান সাম্প্ৰদায়িকতাৰ বশীভূত হৈ হৰিদেৱীৱে শঙ্কৰদেৱীক দেখি মুখ কোচাই পিচভৰি দেখুৱায়। কেনে উদাৰ ধৰ্ম্মৰ কেনে অধঃপতন। মুখৰ ভক্তি প্ৰকৃত ভক্তি নহয়। আনৰ ওচৰত ‘তৃণাদপি সুনীচ’ হৈ কাৰ্য্য়ত আনৰ ওচৰত ভক্তিবীজ ৰোপণ কৰি নিজক ধন্য মানিব পাৰাই আচল ভক্তি। স্বয়ং ভগবান্ শ্ৰীকৃষ্ণ ভক্তৰ কাৰণে যুগে যুগে আবিৰ্ভাব হৈ সামান্য মানুহৰ দৰে কিমান দুখ কষ্ট সহিছিল তাক প্ৰত্যেক হিন্দুই জানে।

 অতিথি সেবা হিন্দুধৰ্ম্মৰ এটা প্ৰধান অঙ্গ। অতিথি গৃহত আহি সৎকাৰ নেপাই ফিৰি গলে গৃহস্থৰ ধৰ্ম্ম লোপ হয়। ঘৰত একো দিবৰ নেথাকিলেও অতিথিক মধুৰ বাক্যে সন্তোষ কথা প্ৰত্যেকৰ কৰ্ত্তব্য।

 হৰিদেৱৰ অতিথি সেৱা ধৰ্ম্মৰ এটা প্ৰধান অঙ্গ আছিল। এক সময়ত হৰিদেৱ কিছু দিনৰ নিমিত্তে কছৰা নদীৰ পাৰত বাহা কৰি আছিল। তাত অতিথি সেৱাৰ বিশেষ সুবিধা নে দেখি কলাদি বা কালাদি নদীৰ তীৰলৈ যায়।

“অতিথি সেৱাত না সৰ্ব্বধৰ্ম্মপাই
তাকে জানি ঐত থাকিবাক অনুয়ায়॥”