পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/২৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২১)


ভাগৱত ব্যাখ্যা কৰিছিল। এই ব্যাখ্যা শুনি মহাপুৰুষ শঙ্কৰে ‘টীকাৰ সম্যক্’, ‘ভাষাৰ ৰহস্য’, আৰু এই দুইকো মিলাই বাক্য অনুসাৰে নানাৰূপ চ্ছন্দ আৰু গীতেৰে পদ কৰিছিল। এই মণিকাঞ্চনৰ সংযোগৰ পৰা আজি অসমীয়া সাহিত্যৰ ভৰাল পৰিপূৰ্ণ, আজি অসমীয়া সাহিত্যক্ষেত্ৰত দেখুওৱাৰ কীৰ্ত্তন ঘোষা, নামঘোষা, গুৰুচৰিত, ভটিমা।

 কিন্তু কেনে দুখৰ বিষয় যে অসমীয়াই এই মহাপুৰুষ কেই জনাৰ ভিতৰত এনে ভ্ৰাতৃপ্ৰেম এনে সদ্ভাব দেখিও, যথেষ্ট প্ৰমাণ পাইও আজিও সাম্প্ৰদায়িকত্বব ওচৰত মুৰ দোৱাই বহুতেই নিজৰ ভিতৰতে খোৱা কামোৰা কৰি, কৰ্ম্মৰ নামে, শম্যৰ নামে, হাইকোঢ়াল লগাই পবিত্ৰ বৈষ্ণব ধৰ্ম্মক তললৈ হেচি নি মহাপুৰুষৰ অপযশ আনিছে।

 এদিনাখন শঙ্কৰদেৱে হৰিগুৰুৰ সত্ৰ মানেৰীক দেখাৰ মন কবিলে। ভক্ত সকল সৈতে আহোঁতে তেওঁলোকে দেখিলে যে হৰিদেৱ যি বাটেদি সদায় তেওঁলোকৰ ওচৰলৈ আহে সেই বাট হাবি, বোকাপানীৰে দুৰ্গম হৈ বইছে। এই দেখি তেওঁ লোকৰ মনত অসুখ লাগিল। অৱশেষত গুৰুৰ যাতায়তৰ সুচলাৰ্ধে আটাইমিলি আলি বান্ধি দিলে। যাৰ ভিতৰত এনে প্ৰীতিভাৱ আছিল তেওঁলোকৰ ভিতৰত অপ্ৰীতিৰভাৱ আঙ্গু- লিয়াই দিয়া ভক্তজনৰ মন কিমান উদাৰ তাক পাঠকেই বেশ গম পাব। শঙ্কৰৰ অনুৰোধ মতে এদিন মাধবদেৱ আৰু আন আন ভকত সকলে শঙ্কৰদেৱৰ ঘৰৰ ভিতৰত জলপান কৰিবলৈ গৈ ঘৰৰ ভিতৰত এটি মাটিৰ ভিড়াৰ চাৰিও কাষে কিছুমান বসা ফুল দেখি কাৰণ শোধাত শঙ্কৰে তেওঁৰ ভাৰ্য্যাই লক্ষ্মীপূজা