পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/২৬

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২০ )


দেখুৱালে। পিচত ব্ৰাহ্মণ সকলৰ পীড়াপীড়িত বিষপান কৰি কিছু সময় অচেতন হৈ পৰি থাকে। চেতন লভিলত ব্ৰাহ্মণ বাঢ়জনে তেওঁত শৰণ লবলৈ আগ বাঢ়িলে। প্ৰভুৱে শৰণ দিবলৈ অস্বীকাৰ কৰে। অবশেষত বহুত কাকুতি মিনতি এৰাব নোৱাৰি তাৰ ভিতৰৰ চাৰিজন ব্ৰাহ্মণক মন্ত্ৰ দিয়ে।

 হৰিদেৱৰ বিয়া কৰিবলৈ সদৌ মন নাছিল। কিন্তু ভক্ত সকলৰ অনুৰোধ এৰাব নোৱাৰি অৱশেষত প্ৰভুৱে জনাৰ্দ্দন বিপ্ৰৰ কন্যা তিলোত্তমাক বিয়া কৰায়। এওঁৰ গৰ্ভত ভুবনেশ্বৰী আৰু বনমালা নামেৰে দুগুটী কন্যা আৰু দামোদব নামেৰে এটি পুত্ৰ জন্মে। দামোদবে কৃষ্ণশৰ্ম্মা উপাধ্যায়ৰ ওচৰত বহৰীত থাকি সকল শাস্ত্ৰ পাঠ কৰিছিল। এদিন কছৰা নদী (বৰ্ত্তমান চেঙ্গা বহবীব মাজত থকা এটা বিল) সাতুৰা পাৰ হোৱাতে তাতে পানীত ডুবি মৰে। হবি- দেৱৰ মৃত্যু সময়ত ১৪৯০ শঁকত তেওঁৰ ধৰ্ম্মমালা ভুবনেশ্বৰী দেবীৰ মূৰত দি যায়। শঙ্কৰ, মাধব আৰু দামোদৰ দেৱ পাট- বাউসীত থকাৰ সময় হৰিদেৱ মানেৰীত থান পাতি আছিল। এই মানেৰী সত্ৰ কলাদি বা কালাদি নৈৰ দাঁতিত আছিল। বড়পেটা মহকুমাৰ চেঙ্গাগাওঁব দক্ষিণে ২ মাইল মান আতবত এই মানেৰীৰ অস্তিত্ব আজিও দেখা যায়। এই সূত্ৰত হবি- দেৱে ভিঠি বান্ধি মন্দিৰ সাজে আৰু তাৰ ভিতৰত প্ৰতিমা স্থাপন কৰি তিনি শন্ধ্য়া প্ৰসঙ্গ কৰে। হৰিদেৱৰ পৰশীলা ইয়াতে থকা বুলি জনা যায়। এই পদশীলাত বহি ভাগৱতৰ অমৃতময়ী ভক্তি মথি তাৰ ৰস ভকত সকলক বিলাইছিল।

 প্ৰায় সময় হৰিদেৱে মানেৰাৰ পৰা গৈ পাটবাউসীত