পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/২৫

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১৯ )


আশ্বাস দি বাঘৰ মূৰত তুলসী মালা দি তাক বশ কৰি গুচি গ’ল। সেই বাটতেই আকৌ এটা দুৰ্দ্ধষ মহে মানুহক সদায় উৎপাত কবি ফুৰিছিল। প্ৰভুৱে তাকও শিঙ্গত ধৰি বশ কৰিছিল।

 পালশাদি গাওঁত ( পাটবাউসী মানেৰীৰ মাজত থকা আগৰ এখন গাওঁ) ধনুকাটা নামেৰে এজন বৰ দৰ্পী মানুহ আছিল। এদিন তাৰ দৰ্পচুৰ কৰাৰ মনেৰে হাৰদেৱ তাৰ ধান খেতিৰ মাজেৰে যাব ধৰিলে। তেতিয়া ধনু কাটাই হৰি- দেৱক “কুনজন কাণা শহমাজে যায় ধান্য ভাঙ্গি কবি আলি” এই বুলি গালি পাৰিব ধৰিলে। প্ৰভুৰ ওচৰত দৰ্প কৰি কথা কোৱাৰ ফলত ধনুকাটা নিজে কণা মুনা হৈ খেতৰ মাজত পৰি থাকিল। এদিন শ্ৰী শ্ৰীশঙ্কৰদেৱ সেই বাটে দি মানেৰীত প্ৰভুৰ থানলৈ যোৱাতে বাটত ধনুকাটাক অন্ধ হৈ পৰি থকা দেখিলে। দয়ালু শঙ্কৰ তাৰ মুখে আটাই কথা শুনি ধনুকাটাক হবিদেৱৰ ওচৰলৈ পঠিয়াই দিলে। শঙ্কৰৰ অনুৰোধত হাৰ- দেৱে ধনুকাটাক চক্ষু দান দিলে।

 এদিন বেদজ্ঞানগৰ্ব্বী ভট্টদেৱ আদি কাৰ বাঢ়জন ব্ৰাহ্মণে মহাপুৰুষ তিনি জনক পৰীক্ষা কৰিবৰ অৰ্থে এতোলা বিষ লৈ প্ৰথমে শঙ্কৰদেৱৰ ওচৰ চাপি কলে যে যদি তেওঁ বিষ- তোলা খাই হজম কৰিব পাৰে তেন্তে তেওঁলোক আটাই কেইজনে তেওঁৰ চৰণত শৰণ লব। শঙ্কৰদেৱে ৰজা আৰু ব্ৰাহ্মণব গুৰু হোৱাত অস্বীকাৰ দেখুৱাই দামোদৰৰ ওচৰত পঠালে। দামোদৰক বিষপানত অসমৰ্থ দেখি হৰিদেৱৰ ওচৰ চাপিল গৈ। হৰিদেৱ পোন প্ৰথমে বিষপান কৰাত অমত