পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/২২

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১৬)

এজন প্ৰধান সাধুপুৰুষ বুলি জানিশুনিও, শূদ্ৰ হোৱা বাবে তেওঁক ভিতৰলৈ নিনি, অকল হৰিদেৱক হে মতাই নিছিল নে? এনে কথা সহজে পতিয়ন নেযায়। ই এটা কোঁচ খাই থকা ক্ষুদ্ৰ মনৰ কথা মাথোন। সাম্প্ৰদায়িকতা লৈ বাদ বিসম্বাদ কৰাৰ একো সকাম নাই। সকল ঠাইতেই সকল সময় মহাপুৰুষৰ ভাৰ সাধাৰণত কৰি ওখ খাপৰ। আমাৰ ওচৰত সকল মহাপুৰুষেই নমস্য। আমাৰ উদ্দেশ্য মহাপুৰুষে প্ৰবৰ্ত্তোৱা সত্যতথ্যৰ অনুসন্ধান আৰু তেওঁলোকৰ ওখ আদৰ্শ, ওখ সঙ্কল্প, কি আৰু তাৰ কাৰ্য্য় হৈছে কি সেইটো বিচাৰি উলিওৱা। আমাৰ শঙ্কৰদেৱ, আমাৰ হৰিদেৱ বুলি বঢ়াই কৰাটো আচল ভক্তৰ চিনাকি দিয়া নহয়। বৰ্ত্তমান যুগ প্ৰবৃত্তি-মাৰ্গ এৰি নিবৃত্তি-মাৰ্গ লৈ ঢাল খাইছে। এতিয়া আৰু পন্থা লৈ কটাকটি মৰামৰি কৰাৰ সময় নাই। আসক্তিৰ সৈতে ত্যাগৰ, ভোগৰ সৈতে সংযম, মৰ্ম্মকোচালৰ সৈতে শান্তিৰ অমিয়া মাধুৰীৰ সান মিহলি কৰি নতুন যুগ প্ৰবৰ্ত্তনৰ দিন আহিছে। এই দিনত বাদ বিসম্বাদ এৰি সকলোৱে লগলাগি ‘সতাং যেন পথা সেই বাট বিচাৰি ফুৰোহঁক।

 কীৰ্ত্তনৰ সময়ত যেন আমাৰ মনে থাকে -

“তৃণাদপি সুনীচেন তৰোৰিব সহিষ্ণুনা।
অমানিনা মানদেন কীৰ্ত্তণীয় সদা হাৰ॥”

 মহাপুৰুষৰ উদ্দেশ্য বুজি, তেওঁলোক প্ৰবৰ্ত্তিত ধৰ্ম্মপন্থ বিচাৰি নিজ নিজ ভক্ত সকলে ঠিক তেনেদৰে নিয়ম কাৰণাদি পালন কৰিব পাৰিছে নে নাই এইটো বুজাৰ চেষ্টা কৰিলেই ভক্তৰ ভিতৰত বাদ বিসম্বাদ নেথাকিব।