গৃহী জনকৰ ওচৰত মূৰ দোঁৱাইছিল আৰু নিজৰ যোগ-গৌৰৱক ধিক্ কাৰ মানিছিল। এই ত্যাগৰ মন্ত্ৰত ভাৰত চিৰকাল মুগ্ধ। ভাৰতৰ লেওট্ সন্ন্যাসী ৰাজৈশ্বৰ্য্যৰ মুকুটত। ইয়াৰ প্ৰভাৱত যাজ্ঞবল্কা, পৰাশৰ, বশিষ্ঠ, বুদ্ধ নানক, কবীৰ, চৈতন্য়, শঙ্কৰ মাধব, হৰিদেব, দামোদৰ প্ৰভৃতি ধাৰ্ম্মিক কৰ্ম্মবীৰ সকল সমাজৰ ওচৰত ৰজাঘৰত শীৰ্ষস্থান পাইছিল। ত্যাগীৰ ওচৰত সৰুবৰ, মানাপমান জ্ঞান নেথাকে। মই ডাঙ্গৰ দি সৰু ই ‘লঘুচেতসাং মইমতালি ভাৱৰ প্ৰকাশ মাথোন।
সাধুৰ লগত সাধুৰ ভাব চিৰকাল; সাধুৱে সাধুক কেতিয়াও নিন্দা নকৰে, সাধুসঙ্গ বিচাৰিহে ফুৰে। কুম্ভমেলা, বাৰানসী- ধাম, বৃন্দাবন, পুৰী প্ৰভৃতি হিন্দুৰ পৰম পবিত্ৰ তীৰ্থস্থান আজিও এই ভাবৰ মহৎ উদাহৰণ ৰাখি আহিছে। ভক্তৰ লগত ভক্তৰ দৰিশন ভক্তৰ ওচৰত,-মহাপুৰুষৰ ওচৰত যে কেনে গৌৰৱৰ বিষয় তাক আমি গমকে ধৰিব নোৱাৰোঁ। আমি সাম্প্ৰদায়িকত্বৰ তলত মূৰজুপি নাদৰ ভেকুলিৰ দৰে নিজকে নিজে বখানোঁ। মহাপুৰুষৰ উদাৰ ভাব মুকলি বতাহৰ নিচিনা, অপাৰ সমুদ্ৰৰ নিচিনা বিশ্বগ্ৰাহী।
সত্য এটা; সত্যৰ জয় সৰ্ব্বত্ৰ সমান। মহাপুৰুষৰ উদ্দেশ্য মহৎ আৰু সাৰ্ব্বজনিক। আমাৰ নিচিনা ক্ষুদ্ৰমনা নিষ্কৰ্ম্মীৰ ওচৰত হে মহাপুৰুষৰ মাজতও বিভিন্নতা, বিভিন্নপথন্মুখীতা ভাব আহে। এই কাৰণে জগন্নাথদেৱৰ মন্দিৰদ্বাৰত শঙ্কৰদেৱ আৰু হৰিদেৱৰ দেখা সাক্ষাৎ সময় উভয় ভক্তৰ প্ৰান প্ৰেমাশ্ৰুত উতিবুৰি গৈছিল। ভক্ত মহাপুৰুষে যেতিয়া পুৰীত থাকি আন এজন চৈতন্যৰূপী ভক্তৰ বাতৰি পালে তেতিয়া