ঘোষা—
হৰিদেৱ কিনো কৃপা ভৃত্যক কৰিলা প্ৰভু।
বিজ্ঞান প্ৰদীপ মোক দিলা হৰিদেৱ।
ও ৰাম অচ্যুতৰ নাম মোৰ মুখত আহক।
দামোদৰ দেৱ কৃপাকৰি কৃষ্ণ ৰাম কৃষ্ণ ৰাম
হৰি মাধৱ দামোদৰদেৱ কৃষ্ণ ৰাম কৃষ্ণ ৰাম॥
ঘোষা—
কৃষ্ণ কৃষ্ণ ৰাম জয় জয় ৰাম নমো হৰিদেৱ,
গোবিন্দ গোবিন্দ নমো হৰিদেৱ গোবিন্দ ৰাম ৰাম॥
গীত—
মোৰ বান্ধব, কি আমাৰ মিলিছে ভাগ্য।
অমুল্য ৰতন দুখানি চৰণ সেবিবাক পাইলোঁ লাগ॥
পদ—
সংসাৰৰ দুঃখ, দেখিয়া অসুখ, আকুল ভৈলন্ত হৰি।
বৈকুণ্ঠৰ সুখ এৰি চান্দ মুখ পৃথিবীত অৱতৰি॥
নাৰায়ণপুৰে কৃষ্ণ উপজিলা হৰিদেৱ নাম থৈলা।
ভাগৱত ভক্তি প্ৰচাৰ কৰিয়া লোক সব নিস্তাৰিলা॥
কেতেকীৰ বৰ্ণ ৰূপ মনোহৰ, কমল নয়ন আখি।
অতি সুকোমল, পদ্ম সমতুল, মুখে মন্দ মন্দ হাসি॥
বদন সুন্দৰ, পূৰ্ণ শশধৰ, দন্ত মুকুতাৰ পান্তি।
নাসা তিলফুল, অধৰ ৰাতুল, নখচন্দ্ৰ কৰে কান্তি॥
মাথায় শোভয় তুলসীৰ মালা, স্কন্ধে শোভে নবগুণ।
হস্তে কৰমালা জপিছা মাধৱ, দেখিতে অতি শোভন॥
আজানুলম্বিত বাহু সুবলিত, হৃদয়ত মালা শোভে।
কটীত শোভয় পাতৰ যে ভুনী, গাৱে শুক্ল বস্ত্ৰ শোভে॥
পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১৫২
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১৪৮)