পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১৩৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

(১৩৪)

নাম ধৰা এ, জগতৰ মনি।
আসিৰ ৰান্ধব কৃষ্ণ নামধ্বনি শুনি॥

কীৰ্ত্তন।

ঘোষা-

গুৰুৰ চৰণ চিন্তিয়ো, চিত্ত হৃদয়ে সৰ্ব্বখা।
মুখে নাম লোৱা হৃদে চিন্তা গুৰুৰ কথা॥

পদ-

গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰু মহেশ্বৰ।
চৰাচৰ জগতৰ গুৰুহে ঈশ্বৰ॥
অজ্ঞান আন্ধাৰ গুচে যাহাৰ কৃপায়।
হেন গুৰু বিনে নাই তৰণ উপায়॥
জগদগুৰু হৰিদেৱ ভূবন ঈশ্বৰ।
দ্বিজৰূপে অৱতাৰ পূজ্য জগতৰ॥
গুৰুৰ চৰণ বিনে কিছু নাহি আৰ।
ভক্তি কৰি গুৰুদেৱক কৰিয়ো সাদৰ॥
দুঃখ দুৰ হয় য়াহাক কৰিলে স্মৰণ।
পুনঃ সংসাৰত আৰু নহয় গমন॥
গুৰু চৰণক যেহি কৰয় ভকতি।
সেহিজনে পাইবন্ত পুৰম মুকুতি ॥
বন্ধু শৰাই আগত কৰিয়া স্থাপন।
দৃজ বন্তি দিবে ভাবি গুৰুৰ চৰণ॥
তাকুল আদি উপহাৰ কৰিয়া অৰ্পণ।
শুদ্ধ চিত্তে গুৰুদেৱক কৰিবে চিন্তন॥