পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/১০৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(১০২)

শুনি দ্বিজগণে কথা কহিলা নিঃশেষ৷
বিষ ভুঞ্জি আমাক দিয়োক উপদেশ॥
শঙ্কৰে বোলন্ত শুনা ইহাৰ কাৰণ৷
ব্ৰাহ্মণ ৰাজাৰ গুৰু নহোঁ দ্বিজগণ॥
পাটবাউসীত আছে দামোদৰদেৱ।
হৰিগুৰু মানেৰীত কৰিবাহা সেৱ॥
শুনি দ্বিজসৱ দমোদৰ পাশে গৈলা৷
দেখি দামোদৰে পাছে বচন বুলিলা॥
শুনা দ্বিজগণ তোৰা বচন আমাৰ।
পূৰ্ব্বে বিষ ভুঞ্জিয়াছে উমাপতি হৰ।
আমাৰ শকতি নাই জানা নিষ্ঠ কৰি।
বিষ লৈয়া যোৱা সৱে কৈলাশ নগৰী॥
শুনি ছেন তেতিক্ষণে নেথাকিলা ৰই।
মানেৰীত দ্বিজগণ প্ৰবেশিলা গই॥
পৰম পণ্ডিত বেদ গৰ্ব্বি বিপ্ৰগণ।
তাসম্বাৰ নাম শুনা সৱে দিয়া মন॥
যদুমণি জগন্নাথ আৰু সন্তদেউ।
গোপাল যে ভট্টদেৱ ভগবান দেউ॥
হৰিচৰণ নাৰয়ণ আৰু সৰু গুৰু৷
বংশীদেৱ বলদেৱ আৰু বড় গুৰু॥
এহি বাঢ়জন বিপ্ৰ আসিলা তেখনে৷
হৰিদেৱে দেখি পাছে দিয়াইলা আসনে॥
ব্ৰাহ্মণগণক আশ্বাস কৰিলা গোসাঁই৷
কিবা কাৰ্য্যে আসা তোৰা আমাৰ যে ঠাই॥
দ্বিজগণে বোলে প্ৰভু শুনিয়ো বচন৷
একতোলা বিষ লই আসিছোঁ তযু স্থান॥