পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/৪৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪১
শ্ৰী শ্ৰীশঙ্কৰ দেৱ৷
 


ৰাগিণীত ৰজা পৰম বিস্ময়ান্বিত হৈ থৰ লাগি শঙ্কৰৰ চকুলৈ চাই থাকিল; পণ্ডিতসকল জোকৰ মুখত চুন-সাধা পৰাদি অধোবদন হৈ লাজতে মুছকছ গ’ল। শঙ্কৰে সঁচাকৈয়ে হাতী মাৰি ভূৰুকাত ভৰালে। এৰাতিৰ ভিতৰতে সকলােৱে সহজে বুজিব পৰাকৈ সৰল ভাষাত ভাগৱতৰ অসমীয়া পদ্য ৰচনা কৰিলে,— এয়েই অসমীয়াৰ গৌৰৱ “গুণমালা’’। কবিতা শুনি ৰজাৰ শৰীৰ পুলকিত হ’ল, প্রাণত আনন্দৰ স্পন্দন উঠিল, সভক্তিৰে শঙ্কৰৰ আগত মূৰ দোঁৱালে আৰু শঙ্কৰৰ ওচৰত ধৰ্ম্মবস্তু বাচ্ঞা কৰিলে। কিন্তু শঙ্কৰে ৰজাৰ গুৰু হবলৈ অনিচ্ছিা প্রকাশ কৰিলে। আনপিনে ৰজাই শঙ্কৰক বৰকৈ টানি ধৰলে। শঙ্কৰে ৰজাৰ কাতৰ গােহাৰি এৰাবৰ অন্য উপায় নেদেখি ছকুৰি বছৰ বয়সত ১৫৬৯ খৃষ্টাব্দৰ ভাদমহীয়া শুক্লা দ্বিতীয়াত নিজৰ প্রতিজ্ঞা ৰাখি যােগাসনত বহি মানবলীলা সম্বৰণ কৰিলে৷ সিদিনাই শঙ্কৰৰ মানব মূৰ্ত্তিৰ অন্ত পৰিল; কিন্তু অৱতাৰ পুৰুষ শঙ্কৰৰ মাহাত্ম্য আজিও অসম আকাশত সন্ধিয়াৰ ভোটাতৰাৰ দৰে জিলিকি আছে৷ প্ৰত্যেক অসমীয়া নৰ-নাৰীৰ অন্তৰত শঙ্কৰৰ গুণৰাশি পুঞ্জীভূত হৈ দিব্যমূৰ্ত্তি ধাৰণ