পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/৪৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰী শ্ৰীশঙ্কৰ দেৱ৷ ৪০


লগাই ললে । ৰাতিৰ ভিতৰতে কৃষ্ণলীলা বর্ণনা কৰি কবিতা লিখি এটালে। পিচদিন যথাসময়ত গৈ ৰাজসভাত উপস্থিত হ’ল৷ । আন আন পণ্ডিতবােৰ হ’লে শঙ্কৰতকৈ আগেয়ে গৈ ৰাজসভাত বহি আছিল। তেওঁলােকে শঙ্কৰক ৰাজসভাত সোমােৱা দেখিয়েই উপহাসজনক হাঁহি খিকিন্দালিৰে সভাঘৰ খলক লগালে। আনপিনে শঙ্কৰে তেওঁৰ স্বাভাবিক মধুৰ হাঁহিটিৰে দহোদিক্ উজ্জল কৰি হস্তী গমনে গৈ ৰজাৰ কাষ চাপিল আৰু চাৰিওপিনে চূণৰ ফোঁট দিয়া বাঁহৰ চুঙা এটা ৰজাৰ পিনে আগবঢ়াই দিলে। ৰজাই ‘সেয়া কি’ বুলি সােধাত শঙ্কৰে গহীনাই মাত লগালে, “মহাৰাজ! এইটো আন একো নহয় ; মই এটা হাতী মাৰি এই ভূৰুকাত ভৰাই আনিছোঁ।’’ শঙ্কৰৰ কথা শেষ হবলৈ নৌপাওঁতেই অবোধ পণ্ডিতসকলৰ বিদ্ৰূপৰ ঢৌ বেছিতো বেছি হ’ল; তেওঁলােকৰ হাঁহিৰ ঘক্ ঘকনিত সকলােৰে কাণ তাল মাৰি ধৰিলে; কিন্তু শঙ্কৰ অচল-অটল; কিছুতেই তেওঁৰ গাৰ নােম এডালো নলৰিল। শঙ্কৰে ৰজাৰ অনুমতি লৈ চুঙ্গাৰ পৰা পুথিখিনি উলিয়াই মেলি ল’লে আৰু ৰাগিণী টানি সুললিত সুৰত গাব ধৰিলে৷ শঙ্কৰৰ মেঘ-গম্ভীৰ স্বৰ, মধুৰ সুৰ আৰু তালমান