পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/৩৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰী শ্ৰীশঙ্কৰ দেৱ৷ ৩৪

লঙ্কাপুৰীদাহনং পশ্চাৎ ৰাবণ৷
কুম্ভকৰ্ণমৰণম্ এতদ্ধি ৰামায়ণম্॥


 মুঠেই ছয়শাৰী কথাৰ দ্বাৰা ৰামায়ণৰ সাৰ মানুহক বুজাইছিল । নাটত থকা ৰজাৰাণী কিম্বা গোঁসাইক ভাওনাৰ মাজলৈ আনােতে সূত্ৰধাৰে যি ললিত ৰাগিণীত তেওঁলােকৰ আহ্বান গীতি গায় সি অতি মধুৰ আৰু অতি ওখ ধৰণৰ। নাটৰ অন্তত পুৱাৰ বৰগীতেৰে যেতিয়া নাটৰ সামৰণি মাৰে সেই দৃশ্য যে কেনে ভক্তিসূচক তাক বৰ্ণোৱা অসম্ভৱ। দৰ্শকসকলে ভাওনাৰ লগে লগে হাঁহে, কান্দে, ঈশ্বৰপ্ৰেমত আপােন পাহৰা হয় আৰু কেনেকৈ ৰাতিটো কটায় তাক কব নােৱাৰে। এনে ওখধৰণৰ ভাওনা সভ্য-জগতত কিমান হয় নাজানো কিন্তু নিজে হ’লে কেতিয়াও ক’তাে দেখা নাই আৰু আনে কৰবাত দেখিছে বুলিও শুনা নাই। ভাওনাৰ সৃষ্টিৰ দ্বাৰা শঙ্কৰে অকল যে মানুহৰ মনত ৰং লগাইছিল তেনে নহয়; ৰামকৃষ্ণ আদিৰ লীলা আৰু মহিমা কীৰ্ত্তন কৰি সকলােৰে অন্তৰত ভক্তিৰ উদ্রেক কৰিছিল। নাট-ভাৱনাৰ সৃষ্টিয়ে শঙ্কৰৰ ধৰ্ম্মপ্ৰচাৰ কাৰ্য্যত বৰ ডাঙৰ সহায় হৈ উঠিছিল৷