পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/৩৮

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৩৩ শ্ৰী শ্ৰীশঙ্কৰ দেৱ৷


নাচি-বাগি ঘূৰি-ঘূৰি খােলতালৰ নানান বাজনা বজাইছিল ; লগে লগে ৰাগিণী টানি সুৱলা গীত গাইছিল; তাৰ পিছতে সৰু সৰু ল’ৰা-ছোৱালীবােৰৰ হাই-উৰুমি দূৰ কৰিবলৈ নতুৱা উলিয়াই নানান অঙ্গী-ভঙ্গীৰে নাচোন নচুৱাইছিল ; মাজে মাজে সমজুৱা সকলৰ টোপনি ভাঙিবলৈ আৰু ভাওনাৰ পিনে মন আকর্ষণ কৰিবলৈ ধেমেলীয়া বাজনা বজাই খলক লগাইছিল, নাটৰ আৰম্ভণিতে সূত্ৰধাৰ এজন উলিয়াই নচুৱাইছিল আৰু সেই সূত্ৰধাৰৰ মুখেৰে গােটেইখন নাটৰ সাৰখিনি গীতৰ আকাৰে কিম্বা শ্লোকৰ দ্বাৰা গােৱাই নিজে তাৰ সুন্দৰ ব্যাখ্যা দিছিল; এই ব্যাখ্যাৰ সহায়তে দৰ্শকসকলে নাটৰ ভিতৰুৱা কথা অতি সহজে বুজিব পাৰিছিল। ৰামৰ বনবাস নাটৰ ভাওনা কৰোঁতে সূত্ৰধাৰৰ হতুৱাই গােৱাইছিল —

আদৌ ৰামস্য তপোবনং প্ৰবেশনম্৷
হত-মৃগ-কাঞ্চনং বৈদেহী হৰণম্॥
জটায়ু-মৰণং সুগ্ৰীৱ-সন্দৰ্শনম্৷
বালি-নিগ্ৰহণং সমুদ্ৰ-ভৰণম্॥