পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/৩৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৯
শ্ৰী শ্ৰীশঙ্কৰদেৱ৷
 


গৈছে। এতিয়া তােমালােকৰ কৰ্ত্তব্য আত্মবিচাৰি সেই মহান পন্থাক আকৌ উদাৰতাৰে আকোৱালি ধৰা।

 শ্ৰীশঙ্কৰদেৱে তেওঁৰ প্ৰৱৰ্ত্তিত ধর্ম্ম-প্ৰচাৰত মহাপুৰুষ মাধব দেৱক প্রধান শিষ্যৰূপে পাই গােটেই অসমতে আৰু বঙলাৰ ৰংপুৰ, কোচবিহাৰত মহাপুৰুষীয়া ধৰ্ম্মৰ হাট পাতিলে। গাৱেঁ-ভূঁয়ে কীৰ্ত্তনঘৰ সজোৱাৰ প্ৰথা উলিয়ালে যাতে সকলােৱে একেলগ হৈ এঠাইত বহি হৰিনাম কীর্ত্তন আৰু নামমাহাত্ম্য আলােচনা কৰিব পাৰে। শঙ্কৰৰ এই কীৰ্ত্তনঘৰৰ সৃষ্টি সমাজসংস্কাৰত বৰ সহায় হৈ উঠিল। প্রত্যেক কীৰ্ত্তনঘৰৰ কিম্বা থান বা সত্ৰতে একোজন মূখিয়াল পাতি তেওঁক মেধি, মহন্ত বা সত্ৰাধিকাৰ নাম দিলে। এই মুখিয়াল জনৰ তত্ত্বাৱধানত কীৰ্ত্তনঘৰবোৰত যে অকল নাম-কীৰ্ত্তনেই চলিছিল তেনে নহয়, সমূহ ভকতৰ ভিতৰত হােৱা হাই-কাজিয়া আদিৰো সুবিচাৰ হৈছিল আৰু সমাজৰ আচাৰ, ৰীতি, নীতি আদিৰ বিষয়েও আলোচনা চলিছিল৷ মুঠতে এই কীৰ্ত্তনঘৰবোৰেই আমাৰ গাৱঁলীয়া সমাজৰ ঈশ্বৰ উপাসনাৰ ঠাই— ধৰ্ম্মমন্দিৰ, মেলগোচৰ বিচাৰালয় আৰু হাঁহি ধেমালিৰ ক্লাবহাউচ৷ ইয়াতেই ডেকা-বুঢ়া-লৰা-লুৰি