পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/৩৩

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰী শ্ৰীশঙ্কৰদেৱ৷
২৮
 


মিৰি— ৰাম আতৈ৷

মিকিৰ— হৰি আতৈ৷

ভোট— ভুটীয়া আতৈ৷

যৱন— হৰিদাস আতৈ, চান্দসাই আতৈ৷

মেছ— জয়হৰি আতৈ৷

জালোৱা কৈবৰ্ত্ত— মদিনাৰ আতৈ৷

 ওপৰত উল্লেখ কৰা জাতিবোৰৰ পৰা কাৰো বুজিবৰ বাকী নেথাকে যে শ্ৰীশঙ্কৰদেৱেৱ সকলো জাতিৰ মানুহকে তেওঁৰ ধৰ্ম্মৰ ভিতৰুৱা কৰি লৈছিল;— এক কথাত কবলৈ গ’লে কব পাৰি যে শ্ৰীশঙ্কৰৰ ধৰ্ম্মমতত মানুহমাত্ৰেই পূৰ্ণ অধিকাৰ আছিল৷ কিন্তু আজি অনুপযুক্ত লোকৰ হাতত এই অদ্বিতীয় উদাৰপন্থা সংকীৰ্ণ হব লগাত পৰিছে৷ আজি আমি মিস্যনাৰী পাদ্ৰীবোৰৰ উদাৰ মত দেখি হা-কৰি সিহঁতৰ পিনে চাই অবাক হৈছোঁ; সিহঁতৰ নৰ-নাৰায়ণৰ সেৱা দেখি বিস্ময় মানিছোঁ৷ কিন্তু মহাপুৰুষীয়া! মনত ৰাখিবা তোমালোকৰ আদিগুৰু শ্ৰীশঙ্কৰদেৱে জগতত অদ্বিতীয় উদাৰ পন্থা তোমালোকক দেখুৱাই গৈছে —সেই পন্থাতে তোমালোকক দীক্ষিত কৰি