পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/২৭

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰী শ্ৰীশঙ্কৰদেৱ৷
২২
 

যত জীৱ জঙ্গম কীট পতঙ্গম
 অগ জগ নগ তেৰি কায়া৷
সবকহুঁ মাৰি পুৰত ওহি উদৰ
 নাহি কৰত ভূত দায়া॥
ঈশ স্বৰূপে হৰি সব ঘাটে বৈঠহ
 যৈছন গগন বিয়াপি৷
নিন্দা বাজ পৈশুন্য হিংসা হৰি
 তেৰি কৰোহো হামু পাপী॥


 “ঈশ্বৰ সৰ্ব্বব্যাপী, মূৰ্ত্তিশূন্য অব্যক্ত; ব্যাপকত পূজা পুষ্পাঞ্জলি বিসৰ্জ্জনত কোনো কাম নাই ; হৃদয়ত সৰল ভক্তি, অন্তৰত দৃঢ়বিশ্বাস আৰু মুখত মহিমাময়ৰ নামকীৰ্ত্তন আৰু শ্ৰবণত বাহিৰে জীৱৰ অন্য গতি নাই’’— এই মূল তত্ত্বজ্ঞান সাৰোগত কৰি অৱতাৰ পুৰুষ শ্ৰীশঙ্কৰদেৱে অসমত বিশুদ্ধ সৎ বৈষ্ণৱ ধৰ্ম্ম-প্ৰৱৰ্ত্তন আৰু প্ৰচাৰ কৰিলে৷ তেওঁৰ ধৰ্ম্মমত যাতে সকলোৱে সহজে বুজিব পাৰে তাৰ কাৰণে শঙ্কৰে বহু শুৱলা গীত, ভটিমা, টোটয় আদি ৰচনা কৰিলে আৰু কীৰ্ত্তন, দশম আদি অমূল্য শাস্ত্ৰ লিখিলে৷ শঙ্কৰৰ এই সনাতন ধৰ্ম্মৰ