পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/১৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰীশ্ৰীশঙ্কৰ দেৱ
১৪
 


মনত আনন্দই নধৰা হ’ল। যেয়ে শুনে সেয়ে বিস্ময়ান্বিত হৈ কবলৈ ধৰিলে—

 “ই— কি মনুষ্যৰ কৰ্ম্ম ষাণ্ডক জিনয়॥” - ৺ ভূষণ দ্বিজ কবি।

 ৰামৰাম গুৰুৱে শঙ্কৰদেৱৰ ষাঁড়মৰ্দ্দনৰ কথা শুনি “নুহিকে আশ্চৰ্য্য ইটো বিক্রম তোমাৰ’’ বুলি বাৰবাৰ শঙ্কৰৰ বলবীৰ্য্য প্রশংসা কৰিলে আৰু অশেষ আশীর্ব্বাদ বৰষিলে।

 এসময়ত কিছুমান কছাৰীয়ে শঙ্কৰক ধৰিবৰ মনেৰে তেওঁৰ ঘৰৰ চৌকাষে বেঢ়ি আছিল। শঙ্কৰ বিষম শঙ্কটত পৰি আন আন মানুহৰ লগত ঘৰৰ পৰা ওলাই লৰমাৰি পৰাই গ’ল , কিন্তু বাটত গৈ দেখে যে তেওঁৰ অতি আদৰৰ বস্তু কীৰ্ত্তন ঘোষাখন এৰি গৈছে। বহুতে হকাবধা কৰাতো শঙ্কৰে কাৰো কথা নুশুনি নির্ভয়ে ঘৰত সােমাই পুথিখন বিচাৰি ললে। ইতি মধ্যত আকৌ কছাৰিবােৰে আহি তেওঁক বেঢ়ি ধৰিলে। দুটা শকত আবট কছাৰীয়ে তেওঁৰ দুৱাৰমুখত থিয় দিলে। শঙ্কৰে একে উৱাহে কছাৰী দুটাক বগৰাই পেলাই হেঁচা মাৰি ধৰি পাৰেমানে গচকিলে আৰু সিহঁতক মূৰ্চ্ছিত অৱস্থাত এৰি লৰমাৰি গ’ল৷ কছাৰী দুটা এলামেলা লোক নাছিল; সিহঁতৰ