পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/১৪

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰীশ্ৰীশঙ্কৰ দেৱ৷
 


উঠিল ; শঙ্কৰক ছাত্ৰহিচাপে পাই মনপ্রাণত অপাৰ আনন্দ লভিলে৷ শঙ্কৰৰ প্ৰতি কন্দলীৰ ঈশ্বৰজ্ঞান হ’ল; তেওঁৰ দৃঢ়বিশ্বাস হ’ল যে শঙ্কৰ সাধাৰণ মানুহ নহয়—দেৱঅংশজাত— ঈশ্বৰ কৃষ্ণৰ অৱতাৰ স্বৰূপ। “নােহে ই মনুষ্য—কৃষ্ণৰ স্বৰূপ”—বুলি দশোদিশে ঘােষণা কৰিলে আৰু সিদিনাৰে পৰা শঙ্কৰৰ নামৰ শেষত “দেৱ’’ শব্দ যোগ দিবলৈ সকলােকে বুজাই ক’লে। কিন্তু তেতিয়াৰ দিনত অসমত বামুণৰ প্রতিপত্তি বৰ বেছি আছিল। শূদিৰৰ ল’ৰা এটাক দেৱ উপাধিৰে বিভূষিত কৰাত কিছুমান শাস্ত্ৰসদাচাৰ নজনা বামুণ নামধাৰী প্রাণীৰ অন্তৰত হিংসানল জ্বলি উঠিল। সিবিলাকে মহেন্দ্ৰ কন্দলীক সেইবাবে বৰকৈ জুলম কৰিব লাগি গ’ল; কিন্তু মূঢ়লােকৰ মিছা কুলাভিমানৰ হিংসানলৰ তাপত শঙ্কৰৰ দেৱত্ব সম্বন্ধে কন্দলীৰ দৃঢ়বিশ্বাস দৃঢ়তৰ হৈ উঠিল ; তেওঁ কোনােমতে সঙ্কীর্ণমনা বামুণ কেইজনৰ কথাত নিজৰ বিশ্বাস এর দিবলৈ ৰাজি নহ’ল। আনফালে সেই বামুণবোৰে তেতিয়াৰে পৰা শঙ্কৰক হিংসাৰ চকুৰে চাব ধৰিলে; কিন্তু শঙ্কৰ শঙ্কৰদেৱ নামেই জনাজাত হ’ল। মহেন্দ্ৰ কন্দলীৰ তত্ত্বাৱধানত লিখাপঢ়া শিকি অলপ সময়ৰ