পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/১২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰীশ্ৰীশঙ্কৰ দেৱ৷
 


স্কুলৰ পৰা পলাই উমলিবলৈ গৈছিল। কন্দলীয়ে তেওঁক সেই কথাত ধৰিলে। তাৰ পিছদিনা শঙ্কৰে বুঢ়ীমাকৰ পেতেৰিৰ পৰা চুৰ কৰি আনি বৰ কাপােৰ এখন কন্দলীক ভেটি দি ক’লে, “দেউ। বুঢ়ী আইক নকব যে ময় স্কুলৰ পৰা পলাই গৈছিলোঁ।” কন্দলীয়ে শঙ্কৰৰ দোষ গােপন নকৰিলে; ততালিকে গৈ খেৰসূতীৰ আগত দুয়োটা দোষকে ক’লে। খেৰসূতীয়ে শঙ্কৰক দাবি-ধমকি নিদি গামূৰ পিহি পিহি বৰ বুজনি দিলে। তেতিয়াৰে পৰা শঙ্কৰে স্কুলৰ পৰা পলাবলৈও এৰিলে চুৰি কৰিবলৈও এৰি দিলে।

 শঙ্কৰ বুদ্ধিত বৰ চোকা আছিল। অলপ দিনৰ ভিতৰতে তেওঁৰ বুদ্ধিৰ তীক্ষ্নতা ফুটি ওলাইছিল। তেওঁ অ-ফলা আৰু ক-ফলা পাঢ়ি শেষ কৰিয়েই ঈশ্বৰ বৰ্ণনা কৰি আকাৰ-ইকাৰ আদি একো নােহােৱাকৈ এটি সুন্দৰ পদ্য ৰচনা কৰিছিল আৰু সুললিত সুৰে ৰাগিণী টানি গাইছিল—

কৰতল কমল কমলদল নয়ন৷
ভবদবগহন গহনবন শয়ন॥