পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/১০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰীশ্ৰীশঙ্কৰ দেৱ৷
 


লগাত পৰে। শ্ৰীশঙ্কৰৰ পিতৃদেৱ কুসুম্বৰ ভূঞাৰ অৱস্থা ধনেধানে, মানে-সন্ত্ৰমে বৰ জকমকীয়া আছিল; কিন্তু তেওঁৰ ল’ৰাসন্তান নথকাত সেই সকলো তেওঁৰ মনত অসাৰ যেন লাগিছিল। কুসুম্বৰে পুত্ৰ লাভার্থে দেৱাদিদেৱ শঙ্কৰক নানানভাৱে পূজিছিল, উপযুক্ত পাত্ৰত অনেক দানপূণ্য কৰিছিল, কঠোৰ ব্ৰত উপবাস পালিছিল আৰু অতি কাতৰভাবে সভক্তিৰে শিৱৰ ওচৰত পুত্রধনৰূপ ভিক্ষা মাগিছিল। শেষত শঙ্কৰৰ বৰদান ও অনুগ্ৰহৰ ফলত কুসুম্বৰে ঈশ্বৰ সদৃশ পুত্র লাভ কৰে আৰু সেই দেখিয়েই পুত্ৰৰ নাম শঙ্কৰ ৰাখে।

 শঙ্কৰে জন্মৰে পৰা ১২ বছৰ বয়সলৈকে সাধাৰণ মানুহৰ শক্তিৰ গােচৰ অতীত লীলাখেলা কৰি উমলি জামলি সময় কটাইছিল; দিনেৰাতি খেলৰ বাহিৰে অইন কোনাে কামত মন নিদিছিল। ল’ৰাকালত শঙ্কৰৰ মনপ্রাণ চৰাইৰ দৰে মুকলি আছিল। লৰমৰাত আৰু খেল খেলাত তেওঁ ইমান পাৰ্গত আছিল যে লগৰ লগৰীয়াই তেওঁক কোনাে দিনে কেতিয়াও চেৰ পেলাব নােৱাৰিছিল। হাবিলৈ গৈ পাছে পাছে খেদি বটা চৰাই ধৰি আনিছিল; লৰিগৈ বনৰ হৰিণা ধৰি ধেমালি কৰিছিল;