পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৯৬

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৯৪
৺শঙ্কৰদেৱ।

নমস্কাৰ কৰি নাৰায়ণে পুছিলন্ত।
ৰাম ৰাম গুৰু মহা ভকত ভৈলন্ত॥ ৩৮০
সি ৰাজ্যত হুইবে আন নাহিকে ব্ৰাহ্মণ।
কহিয়োক বাপু শুনিবাক ৰঙ্গমন॥
শুনিয়া শঙ্কৰে কথা কহিবে লাগিলা।
শুনা নাৰায়ণ পূৰ্ব্বে যেন কথা ভৈলা॥ ৩৮১
শুন সৰ্ব্বজনে কথা থিৰ কৰি মন।
শঙ্কৰ দেৱৰ শিষ্য তৈলা নাৰায়ণ॥
যি সব কথাক নাৰায়ণে পুছিলন্ত।
শঙ্কৰে হৰিষ মনে সবে কহিলন্ত॥ ৩৮২
হে প্ৰাণ বন্ধু কৃষ্ণ প্ৰণামো তোমাক।
তোমাৰ মায়ায়ে মুহি ভ্ৰমাৱে আমাক॥
আনত কহিবে লাগি চতুৰ সুজান।
আপুন কুশল হেতু নাহি কিছো জ্ঞান॥ ৩৮৩
মিছা দেহ ধন জন পুত্ৰ দাৰা যত।
স্নেহ পাশে বন্দী হুয়া ভৈলোঁ আশকত॥
পৰম অজ্ঞানী মঞি পাতেকী প্ৰধান।
মহা কাকণীক নাহি তোমাৰ সমান॥ ৩৮৪
জন্মে জন্মে তজু ভকতৰ সঙ্গ হৌক।
তজু গুণনাম মোৰ মুখে নচাড়োক॥