পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৯০

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৮
৺শঙ্কৰদেৱ।

বন্দী কৰি কাৰাগৃহে যত্নে ৰাখি থৈল।
শুনা নাৰায়ণ পাচে যেন কথা ভৈল॥ ৩৫০
নদিয়াৰ হন্তে এক আসিল পণ্ডিত।
বলধে পুস্তক বহে যাহাৰ সন্নিত॥
আৰো দিনা পণ্ডিত সভাত বসিলন্ত।
গোড়েশ্বৰ আগত বচন বুলিলন্ত॥ ৩৫১
গোড়েশ্বৰ নৃপতিক বুলিলা সাদৰি।
বাদ কৰোঁ পণ্ডিতক দিযো বাজ কৰি॥
গোড়েশ্বৰে যত যত পণ্ডিত দিলন্ত।
নদিযাৰ পণ্ডিত সবাকে জিনিলন্ত॥ ৩৫২
বাদ কৰি বাস ঘৰে আসন্ত পণ্ডিত।
চণ্ডিবৰে বন্দিতে বুলিলা শঙ্কৰত॥
বন্দীশালে তোমাৰ আছয এক জন।
তাৰ লগে বাদ কৰিবাক মোৰ মন॥ ৩৫৩
ৰখিয়াৰ মুখত শুলিলোঁ নৰেশ্বৰ।
বন্দীশালে পণ্ডিত আছয় চণ্ডিবৰ॥
শুনি গোড়েশ্বৰে ততকালে নিয়াইলন্ত।
নাপিতক মাতি দাড়ি নখ কটাইলন্ত॥ ৩৫৪
স্নান কৰাই পাটবস্ত্ৰ দিলা পিন্ধিবাক।
বসিলা সভাত আসি বাদ কৰিবাক॥