পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৮৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮৩
৺শঙ্কৰদেৱ।

উত্তম মনুষ্য গুটি আসিছা দেখিতে।
শুনিয়া শঙ্কৰে ফিৰি দেখিলা লগতে॥ ৩২৫
শঙ্কৰ দেৱৰ মুখ দেখি ভৱানন্দ।
সিহঁৰিল সৰ্ব্ব গাৱ লভিলা আনন্দ॥
কান্ধৰ নমাই মুগ মাটিত থৈলন্ত।
চৰণত পৰি নমস্কাৰ কৰিলন্ত॥ ৩২৬
নাৰায়ণ স্মৰি বাক্য বুলিলা শঙ্কৰ।
ইয়ো ৰাজ্যে কঠিয়া আছয় ভকতৰ॥
অত্যন্ত সুন্দৰ দেহা শঙ্কৰে দেখিলা।
বয়সতো অল্প দেখি সাদৰি পুছিলা॥ ৩২৭
কিবা নাম কহিয়োক শুনিবে আনন্দ।
কহিলন্ত পিতৃদত্ব নাম ভৱানন্দ॥
শঙ্কৰে হৰিষে পাচে বুলিলা বচন।
মঞো তোমাঠেৰ নাম থৈলোঁ নাৰায়ণ॥ ৩২৮
অকস্মাত নাৰায়ণ শব্দ আসি ভৈলা।
এতেকে তোমাৰ নাম নাৰায়ণ থৈলা॥
পুনু নাৰায়ণে নমস্কাৰ কৰিলন্ত।
অনন্তৰে শঙ্কৰে আসনে বসিলন্ত॥ ৩২৯
নাৰায়ণে বসিলন্ত পুছিলা শঙ্কৰ।
ইটো ৰাজ্যে উত্তম আছয় কোন নৰ॥