পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৮২

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৮০
৺শঙ্কৰদেৱ।

কৃষ্ণৰ ভকতি পন্থ কৰিলা বেকত।
নামৰ কীৰ্ত্তন কৰি তৰয় জগত॥ ৩১০
শুনি নাৰায়ণে পাচে বিপ্ৰত পুছিলা।
কিবা প্ৰয়োজনে তুমি ইঠাইক আসিলা॥
শঙ্কৰ আছন্ত কৈত মোত কহিয়োক।
ভাস্কৰে বোলন্ত ভবানন্দ শুনিয়োক॥ ৩১১
শঙ্কৰত বিদাই কৰিয়া আসিলঞো।
থাকিয়োক তুমি আমি ক্ষেত্ৰে চলি যাঞো॥
জগন্নাথ দেখিবাক বৰ বাঞ্চা মনে।
হেন শুনি পাচে মাতিলন্ত নাৰায়ণে॥ ৩১২
এতিক্ষণে মঞি চলি যাঞো তজু সঙ্গে।
জগন্নাথ দৰশন হৈবোঁ মহাৰঙ্গে॥
ভাস্কৰে বোলন্ত ভৱানন্দ শুনিয়োক।
মাতা জগন্নাথ শঙ্কৰক দোখিয়োক॥ ৩১৩
শুনি নাৰায়ণে পাচে বুলিলা বচন।
মাতা জগন্নাথ এড়ি আইলা কি কাৰণ॥
ভাস্কৰে বোলন্ত ভৱানন্দ শুনিয়োক।
তাহান মায়ায়ে জানা মুহিলেক মোক॥ ৩১৪
শঙ্কৰক এড়িয়া আসিলোঁ সি কাৰণে।
শীঘ্ৰ চলি যায়ো তুমি মোহোৰ বচনে॥