এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭৭
৺শঙ্কৰদেৱ।
চক্ষু কৰ্ণ নাক মুখ জিহ্বা মন হস্ত আদি
যত ইন্দ্ৰি আছে শৰীৰত।
মিত্ৰ গুচি শত্ৰু ভৈল বাঁটোৱাৰি হুয়া মোৰ
ধৰ্ম্ম বিত্ত হৰিলে সমস্ত॥২৯৭
জ্ঞান ভকতিৰ মোৰ কিঞ্চিতেকো নাহি প্ৰভু
পৰম দুৰ্ব্বোধ দুৰ্ব্বিনয়।
পৰম দুখীত আমি তুমি কৃপাময় স্বামী
এহি কৃপা কৰা কৃপাময়॥
তজু ভকতৰ সঙ্গ জন্মে জন্মে নুগুচোক
বচনে নেড়োক তজু নাম।
তেবেসে সংসাৰ সুখে তৰিবো ঘুষিয়ো মুখে
নিৰন্তৰ নৰে ৰাম ৰাম॥ ২৯৮
−−−৹−−−
শুনিয়োক কথা আৰো আত অনন্তৰ।
যি কাৰণে ইটো ৰাজ্যে আসিল শঙ্কৰ॥
নাৰায়ণ নামে ভক্ত বিদিত জগতে।
তেহো শঙ্কৰক লগ পাই যেন মতে॥ ২৯৯
সি সব কথাক আবে শুনিয়ো সম্প্ৰতি।
সভামধ্যে বেক্ত কৰি হৰিৰ ভকতি॥