পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৭৫

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৩
৺শঙ্কৰদেৱ।


অহোৰাত্ৰ উপ বাস দিয়া সিটো
 প্ৰায়শ্চিত্ত কৰিবেক।
পাচে পিতৃকৰ্ম্ম কৰিবে মনুৰ
 বচন আছে প্ৰত্যেক॥ ২৮৭
পুনৰপি পাচে পুছিলা শঙ্কৰে
 কন্দলিত ৰঙ্গমনে।
প্ৰায়শ্চিত্তো আছে  স্নান নৈয়ো কৰে
 কোন এক মুঢ়জনে॥
কৃষ্ণ নামক কীৰ্ত্তন কৰিতে
 পাৰে কিবা নপাৰয়।
অকপট কৰি কহিবাহা গুৰু
 শাস্ত্ৰত যেন আছয়॥ ২৮৮
শুনি ৰত্নাকৰ কন্দলিৰ মনে
 পৰম হৰিষ ভৈলা।
কৃষ্ণৰ নামৰ কীৰ্ত্তন মহিমা
 কহিবে ৰঙ্গে লাগিলা॥
শুনিয়ো শঙ্কৰ কৃষ্ণৰ নামৰ
 মহিমাৰ নাহি অন্ত।
জাতি অন্তজাতি পৰম পাতেকি
 নামে একো নবাচন্ত॥ ২৮৯