পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৭১

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৯
৺শঙ্কৰদেৱ।


কুকুৰৰ লাঞ্জে মালাক আড়য়
 হাতৰ লৈ যাই কাঢ়ি।
উপালম্ভ কৰি বিস্তৰ হাসই
 পণ্ডিত ব্ৰাহ্মণে বেঢ়ি॥
ভকতৰ দুখ দেখিয়া শঙ্কৰ
 ক্ৰোধে বুলিলন্ত বাক।
তোমাসাক নিন্দা নকৰে ব্ৰাহ্মণে
 কৰয় নিন্দা আমাক॥ ২৭৮
ভক্ত দুই জন যাহা এতিক্ষণ
 বহা গৈয়া ব্ৰাহ্মণত।
কালি বুড়াখাঁৰ দপ দ্বাৰে যাইবো
 চলোক মোৰ লগত॥
ভকতিক যেবে ৰাখিবে নপাৰোঁ
 কৰিয়া শাস্ত্ৰ বিচাৰ।
বোলো ডৰ কৰি সভাৰ মধ্যত
 তেজিবো মান আমাৰ॥ ২৭৯
ভকতিক যেবে ৰাখিবে নপাৰে
 দেখোক মোহোৰ কাৰ্য্য।
দেখিবেক লোকে সভাৰ মধ্যত
 পণ্ডিতে পাইবেক লাজ॥