পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৬৯

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৭
৺শঙ্কৰদেৱ।

কবিৰাজ মিশ্ৰে   মাতিলন্ত পাচে
 শুনা সবে বিপ্ৰোত্তম।
পৰম গহন   পণ্ডিত শঙ্কৰ
 কোনে হৈবা তান সম॥
দুই ষড় গুণ   বিপ্ৰত থাকয়
 নিত্য কৰ্ম্ম পাত নহে।
তাতে কৰি জানা   ভকতেসে শ্ৰেষ্ঠ
 ভাগৱত শাস্ত্ৰে কহে॥ ২৭৩
ৰত্নাকৰ কণ্ড   লিয়ে মাতিলন্ত
 সবাৰে মুখক চাই।
শঙ্কৰক যেবে   বাদে নাপাৰাহা
 শুনিয়ে কহোঁ উপাই॥
ভকতক দেখি   কৰিবো বিতণ্ডা
 বুলি বহু নিন্দা বাক।
আমি বহু বিপ্ৰ   একলা শঙ্কৰ
 কৰিবে কিবা আমাক॥ ২৭৪
নিন্‌দা অসুয়া   বিস্তৰ কৰন্তে
 আপুনি এড়িবে ধৰ্ম্ম।
হেন শুনি সৱে   বোলে ভাল বুদ্ধি
 কৰিবোঁহো এহি কৰ্ম্ম॥