পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৬৭

এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৫
৺শঙ্কৰদেৱ।

অন্যো অন্যো বোলে   শঙ্কৰ গোমস্তা
 ভকতিক প্ৰকাশয়।
এক শৰণিয়া   ভৈলে লোকে জোনো
 আমাৰ মান্য খণ্ডয়॥
দেবী পূজা কৰ্ম্ম   কেহো নকৰিবে
 নপাইবো দক্ষিণা দান।
কৃষ্ণৰ ভকতি   পন্থক নসহে
 যতেক বিপ্ৰ প্ৰধান॥ ২৬৮
দৰীয়া আচাৰ্য   ব্ৰহ্মানন্দ ভট্টা
 চাৰ্য্য আদি ধীৰ যত।
শঙ্কৰক সৱে   কৰয় অসূয়া
 পৰম ক্ৰোধ মনত॥
অন্যো অন্যে সবে   কৰে আলোচন
 বসিয়া সমাজ পাতি।
বোলে কান্দি হিয়া   শূদ্ৰ গোট হুয়া
 প্ৰকাশ কৰে ভকতি॥ ২৬৯
দৰীয়া আচাৰ্য্যে   সৱাকে সম্বুধি
 বুলিল হেন বচন।
শূদ্ৰ হুয়া ভাগ   ৱত পদ কৰৈ
 এহিতো বৰ দূষণ॥