এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৩
৺শঙ্কৰদেৱ।
শঙ্কৰৰ বচন ভকতে শুনিলন্ত।
কৃষ্ণত একান্ত ভাৱে শৰণ লৈলন্ত॥ ২৫৯
শুনা সভাসদ পদ হুয়া সাৱধান।
গুৰুসেৱা বিনে জানা ধৰ্ম্ম নাহি আন॥
চাৰি আশ্ৰমীৰ ধৰ্ম্মে তুষ্ট নুহিকন্ত।
গুৰু শুশ্ৰূষাতে যেন তুষ্ট ভগৱন্ত॥ ২৬০
অকপটে যিতো গুৰু সেৱাক কৰয়।
গুৰুৰ সমান শক্তি শিষ্যতো হোৱয়॥
মাধৱো ভজিলা শঙ্কৰক শুদ্ধ ভাৱে।
শঙ্কৰ মাধৱ সম কীৰ্ত্তি লোকে গাৱে॥২৬১
হে প্ৰাণবন্ধু কৃষ্ণ দৈবকী নন্দন।
মঞি অধমত প্ৰভু হুয়োক প্ৰসন॥
মোত পৰে অজ্ঞ আৰো নাহি সংসাৰত।
নভৈলা ভকতি প্ৰভু তজু চৰণত॥২৬২
ঘোৰ মায়াজালে বন্দী ভৈলোঁহো দুৰ্গতি।
কাম ক্ৰোধ অন্ধতায়ে কামোড়ে দিনে ৰাতি॥
নানাবিধ ব্যাধি শৰীৰত ভৈলা থান।
কাল ব্যাধে মাৰে যেন খাপৰৰ হান৷।২৬৩
লোভ মোহ দুই ডাঙ্গে কোবাৱে মুণ্ডত।
পশু যেন বন্দী ভৈলোঁ কালৰ হাতত॥