এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬২
৺শঙ্কৰদেৱ।
বসিছা শঙ্কৰ তান থৈলন্ত আগত।
নমস্কাৰ কৰিলন্ত পৰি চৰণত॥২৫৪
শঙ্কৰে বুলিলা পাচে চাহি মাধৱক।
আজি কেনে আনিলাহা দেৱ নৈবেদ্যক॥
কালিসে নৈবেদ্য সবে বিভঞ্জিবে পাই।
এহি বুলি মনৰ বুঝন্ত অভিপ্ৰাই॥২৫৫
মাধৱে বোলন্ত দেবী প্ৰসাদ নোহয়।
কৃষ্ণক উছৰ্গি দিলা গুৰু মহাশয়॥
শুনিয়া শঙ্কৰে মাধৱক প্ৰশংসিলা।
ৰামানন্দ নামে পুত্ৰ তাহাঙ্কে মাতিলা॥২৫৬
শুনা বাপু থৈয়ো নিয়া এহি নৈবেদ্যক।
অপুনি ভুঞ্জিবো মঞি কৃষ্ণ প্ৰসাদক॥
শঙ্কৰে দিলন্ত পুষ্প তাম্বুল সাদৰি।
গৃহক গৈলন্ত পুনু নমস্কাৰ কৰি॥২৫৭
আনো ভক্ত সমস্তক শঙ্কৰে মাতিলা।
ৰাম ৰাই আদি কৰি সবাকো বুলিলা॥
মাধৱে নিশ্চয় মন বুদ্ধি কৰিলন্ত।
কৃষ্ণত একান্ত ভাৱে শৰণ লৈলন্ত॥ ২৫৮
তুমি সবো আন কৰ্ম্ম ধৰ্ম্ম পৰিহৰা।
কৃষ্ণত শৰণ পশি ভকতিক ধৰা॥